সোণাপুৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

নিউজনেষ্ট,২২ ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ সোণাপুৰ দমৰা পথাৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে
অংশ ল’লে জৈৱিক গেছ উৎপাদন প্ৰকল্পৰ শিলান্যাস আৰু ভূমি পূজন অনুষ্ঠানত

জৈৱ ইন্ধন প্ৰস্তুতৰ সৈতে জড়িত কোম্পানী ৰেডলেমন টেকন’লজী প্ৰাইভেট লিমিটেডৰ উদ্যোগত আৰু ইণ্ডিয়ান অইল কৰ্প’ৰেচন লিমিটেড আৰু নেক্টাৰৰ সহযোগত সোণাপুৰৰ দমৰা পথাৰত নিৰ্মাণ হ’বলগীয়া সংকুচিত জৈৱ গেছ উৎপাদনৰ প্ৰকল্পৰ আজি শিলান্যাস স্থাপন কৰা হয়।

প্ৰতিদিনে ৫ টন জৈৱ গেছ উৎপাদনৰ লক্ষ্যৰে নিৰ্মাণ হ’বলগীয়া এই প্ৰকল্পৰ জড়িয়তে উত্তৰ পূৰ্বাঞ্চলত গেছভিত্তিক অৰ্থনীতিৰ সম্ভাৱনা বৃদ্ধি হ’ব বুলি মত পোষণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে

ইয়াৰ উপৰিও এই প্ৰকল্প সফল হ’লে গো হত্যা বন্ধ হ’ব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণত উল্লেখ কৰে।

ইতিমধ্যে অসমত ৰিলায়েন্সেও ১৬ টা এনে প্ৰকল্প স্থাপনৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে।

অকল এইয়াই নহয় এই প্ৰকল্প সঠিকভাৱে চলিলে দেশত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ কম হ’ব আৰু প্ৰদূষণ নিয়ন্ত্ৰণ হ’ব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে

ইফালে এই প্ৰকল্প‌ই দেশৰ শক্তি খণ্ডটো বিশেষ অৰিহণা যোগাব বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ ।

অনুষ্ঠানটিত মুখ্যমন্ত্ৰী গৰাকীক দিছ্পুৰ সমষ্টিৰ বিধায়ক অতুল বৰাৰ লগতে কেইবাগৰাকীও বিভাগীয় বিষয়াই সংগ দিয়ে।

এনেধৰণৰ আন বাতৰিসমূহ