সোণাপুৰত সদৌ অসম বিদ্যাংগ উন্নয়ন সন্থাৰ সাধাৰন সভা ।

নিউজনেষ্ট,২৭ ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ সদৌ অসম দিব্যাংগ উন্নয়ন সন্থাৰ অধীনত কামৰূপ মহানগৰ জিলা কমিটি গঠনৰ উদ্দেশ্যে  সোণাপুৰত এখন সাধাৰন সভা অনুষ্টিত হয় ৷

সদৌ অসম বিদ্যাংগ উন্নয়ন সন্হাৰ সভাপতি নিৰঞ্জন কলিতাৰ সভাপতিত্বত অনুষ্টিত হোৱা সভাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা  বিদ্যাংগ কমিটিৰ  বিষয় ববীয়াৰ লগতে বিশেষ ভাবে সক্ষম পুৰুষ মহিলাৰ সৈতে বহু কন কন লৰা ছোৱালীওঁ উপস্হিত থাকে ৷

বিশেষ ভাবে সক্ষম লোক সকলে চৰকাৰ পৰা পাবলগীয়া সুবিধা সমুহ আদায় কৰাৰ স্বাৰ্থতে এই সভাখন আয়োজন কৰে। এইক্ষেত্ৰত প্ৰয়োজন হলে অনাগত দিনত তেওঁলোকে যিকোনো পদক্ষেপ লবলৈ সাজু থাকিব বুলি সভাপতি গৰাকীয়ে উল্লেখ কৰে।

এনেধৰণৰ আন বাতৰিসমূহ