সোণাপুৰৰ নৰতাপত ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহৰ আৰম্ভণি।

নিউজনেষ্ট, ২২ মাৰ্চ ২০২৩, নিউজডেস্কঃ আজিৰে পৰা সোণাপুৰৰ নৰতাপ উচ্চ মাধ্যমিক বিদ্যালয়ত জ্ঞান বিজ্ঞান সমিতি অসমৰ গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত আৰু নৰতাপ উচ্চ মাধ্যমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ সহযোগত আৰম্ভ হৈছে ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ আৰু ৰাজ্যিক সাধাৰণ পৰিষদৰ সভা। উল্লেখ্য যে তিনিদিনীয়া কাৰ্য্যসূচীৰে আজিৰে পৰা আৰম্ভ হোৱা উক্ত অনুষ্ঠানৰ ফিটা কাটি শুভ উদ্বোধন কৰে ছাত্ৰ আৰু যুৱ কল্যান পৰিষদৰ ৰাজ্যিক পৰামৰ্শদাতা গীতাৰ্থ গোস্বামীয়ে। তিনিদিনীয়াকৈ আয়োজন কৰা এই অনুষ্ঠানত প্ৰায় ৩০০ ছাত্ৰ -ছাত্ৰীয়ে অংশগ্ৰহণ কৰাৰ লগতে বিজ্ঞানৰ বিভিন্ন প্ৰদৰ্শনীমূলক অনুষ্ঠান পৰিবেশন কৰা পৰিলক্ষিত হয়। তদুপৰি ছাত্ৰ ছাত্ৰীৰ মাজত বিজ্ঞানৰ বিকাশ আৰু উৎকৰ্ষ সাধনৰ লক্ষ্যৰে এই সমাৰোহৰ আয়োজন কৰা হৈছে বুলি মন্তব্য প্ৰকাশ কৰে ছাত্ৰ আৰু যুৱ কল্যান পৰিষদৰ ৰাজ্যিক পৰামৰ্শদাতা গীতাৰ্থ গোস্বামীয়ে। আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে কামৰূপ মহানগৰ জিলা পৰিষদৰ সভানেত্ৰী চিৰোমনি কোঁৱৰ, ছাত্ৰ আৰু যুৱ কল্যান পৰিষদৰ ৰাজ্যিক পৰামৰ্শদাতা গীতাৰ্থ গোস্বামী, জ্ঞান বিজ্ঞান সমিতি অসমৰ বিষয়ববীয়া প্ৰমুখ্যে শিক্ষক শিক্ষয়িত্ৰীসকল, স্থানীয় লোক তথা ছাত্ৰ ছাত্ৰীসকল।

এনেধৰণৰ আন বাতৰিসমূহ