সোণাপুৰৰ বৰবিলাত ৰামকথা প্ৰবচন জ্ঞান মহাযজ্ঞ।

নিউজনেষ্ট,২২ ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰবিলাৰ হৰিহৰ দেৱালয় প্ৰাঙ্গনত আজিৰে পৰা ৮ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় শ্ৰী শ্ৰী ৰামকথা প্ৰবচন জ্ঞান মহাযজ্ঞ। বিশ্ব শান্তিৰ উদ্দেশ্যেৰে বৰবিলা গোর্খা সমাজে তৃতীয় বাৰৰ বাবে অনুস্থিত কৰা এই মহাযজ্ঞৰ আজি প্ৰথমটো দিন। আজি প্ৰথম দিনৰ কাৰ্যসূচীত পুৱাৰ ভাগত পতাকা উত্তোলন কৰি বৰবিলা বাসী ৰাইজে এক বিশাল সমদল উলিয়াই জলযাত্ৰা কৰে। অঞ্চলটোৰ জীয়ৰী বোৱাৰী পুৰুষ মহিলা সকলো ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে মহাযজ্ঞৰ জলযাত্ৰাৰ কাৰ্যসূচীত।

এনেধৰণৰ আন বাতৰিসমূহ