সোণাপুৰ বৈদ্যুতিক উপ সংমণ্ডলৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী!

নিউজনেষ্ট,০৬ মাৰ্চ ২০২৩,নিউজডেস্কঃ সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ আজি সোণাপুৰতো সোণাপুৰ বৈদ্যুতিক উপ সংমণ্ডলৰ কাৰ্য্যালয় প্ৰাঙ্গনত অসম ষ্টেট আউৎচর্চ পাৱাৰ ৱাৰকাৰ্ছ ইউনিয়নৰ উদ্যোগত কৰ্মবিৰতি পালন কৰি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। অস্থায়ী বিদ্যুৎ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ আৰু ১১দফীয়া দাবী চনদ পূৰণৰ দাবীত আজি পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ১২ ঘন্তীয়া কৰ্মবিৰতি পালন কৰে। বিভিন্ন শ্লোগান বৰ্ষণেৰে সমগ্ৰ পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে।

এনেধৰণৰ আন বাতৰিসমূহ