সোণাপুৰ মহাবিদ্যালয়ৰ উছাহৰ ঢল!

নিউজনেষ্ট,১১ মাৰ্চ ২০২৩,নিউজডেস্কঃ সোণাপুৰ মহাবিদ্যালয়ৰ বৃহৎ সাফল্য ।

NAAC ৰ A+ গ্ৰেডৰে উজ্বলিল সোণাপুৰ মহাবিদ্যালয়।

ডিমৰীয়াৰ এক অগ্ৰণী উচ্চ শিক্ষা প্ৰতিষ্ঠান সোণাপুৰ মহাবিদ্যালয়ত আজি দেখিবলৈ পোৱা গৈছে উচ্চবমুখৰ পৰিবেশ।

আনন্দত মতলীয়া আজি সোণাপুৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ লগতে অধ্যাপক অধ্যাপিকা।

উছাঁহৰ ঢল বৈছে মহাবিদ্যালয় খনত।

সোণাপুৰ মহাবিদ্যালয়ৰ এই সাফল্যৰ বাবে গৌৰৱাম্বিত এতিয়া মহাবিদ্যালয়ৰ শিখাৰ্থী কৰ্তৃপক্ষৰ লগতে ডিমৰীয়া বাসী ৰাইজ।

এই মাহেন্দ্ৰ ক্ষণত সোণাপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱব্ৰত খনিকৰে মহাবিদ্যালয় খনৰ এই সাফল্যৰ বাবে সমূহ শিক্ষাৰ্থী মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু ডিমৰীয়া বাসী ৰাইজক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

এনেধৰণৰ আন বাতৰিসমূহ