সোনাপুৰ চামতাৰ ফংআৰিত আমৰি কাৰ্বি যুৱ মহোৎসৱৰ প্রস্তুতি!

নিউজনেষ্ট,১৬ মাৰ্চ ২০২৩,নিউজডেস্কঃ চলিত মাহৰ 23,24আৰু 25 তাৰিখে তিনিদিনিয়া বর্ণাঢ্য কাৰ্যসুচীৰে সোনাপুৰ চামতাৰ ফংআৰিত অনুষ্ঠিত হব আমৰি কাৰ্বি যুৱ মহোৎসব 2023। আমৰি কাৰ্বি ছাত্ৰ সন্থাৰ উদ্যোগত আৰু আমৰি কাৰবি ৰাইজৰ সহযোগত অনুষ্ঠিত হবলগীয়া যুৱ মহোৎসবৰ প্রথম দিনা উলিওয়া হব এক বর্ণাঢ্য সাংস্কৃতিক শোভাযাত্রা। তিনিদিনিয়া বৰ্ণাঢ্য কাৰ্য্যসুচীত বিশেষকৈ লোকনৃত্য,গীত প্রতিযোগিতা, পৰম্পৰাগত খাদ্য প্রতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে অন্তিম দিনা জনপ্রিয় নৃত্য পৰিচালক পংকজ ইংতিয়ে মুকলি কৰিব পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতাৰ ।তিনিওটা দিনতে আমন্ত্ৰিত কণ্ঠশিল্পী য়ে আগবঢ়াব বাৰেৰহনীয়া গীতৰ শৰাই । সমুহ ডিমৰীমা বাসী ৰাইজৰ উপস্থিতিৰ লগতে সহায় সহযোগিতা কামনা কৰিছে উদ্যেক্তা সকলে।

এনেধৰণৰ আন বাতৰিসমূহ