সৰ্বানন্দ সোণোৱাল উন্মোচন কৰিলে বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ স্থায়ী প্ৰকল্প !

নিউজনেষ্ট,০৮ মাৰ্চ ২০২৩, নিউজডেস্কঃ ঐতিহাসিক বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ আজি ভাওনাৰ প্ৰথম দিনা কেন্দ্ৰীয় পোৰ্ট চিপিং আৰু আয়ুস দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোনোৱালে স্থায়ীভাৱে নিৰ্মান কৰি উলিওৱা প্ৰকল্পৰ উন্মোচন কৰে । মন্ত্ৰী সৰ্বানন্দ সোনোৱালে  ৫ বছৰৰ পূৰ্বে  ঘোষণা কৰা এই প্ৰকল্পৰ মঙ্গলবাৰে সন্ধিয়া মুকলি কৰে ।মুঠ ২৮ কোটি টকাৰে নিৰ্মান কৰা এই  স্থায়ী প্ৰকল্পতো এটি ফুলি থকা পদুম ফুলৰ আকৃতিৰ  ।

মংগলবাৰে   সন্ধিয়া সোনোৱালে প্ৰথম দিনা উন্মোচন কৰা ভাওনাৰ ১ নং খলাত শ্ৰীমন্ত শংকৰদেৱৰ অংকীয়া  ৰাম বিজয় নাটক , ২ নং খলাত  সীতা হৰণ বালি বধ , ৩ নং ত ৰাৱণ বধ আৰু ৪ নং খলাত  দক্ষ যজ্ঞ নাটকৰ দৰে মুঠ ২১ খন খলাত ভাওনা সমাৰোহ অনুষ্ঠিত হয় ।

মন্ত্ৰী সোনোৱালে তেওঁ এই ভাওনা মহোৎসৱত উপস্থিত থাকি নিজকে ধন্য বুলি কয় । মনকৰিবলগীয়া যে শংকৰদেৱৰ ঐতিহাসিক সংস্কৃতিৰ নিদৰ্শন বৈষ্ণৱ ধৰ্মৰ এই বাৰেচহৰীয়া ভাওনাৰ সামৰণিত মন্ত্ৰী গৰাকীয়ে “জয় হিন্দ ” ৰে তেওঁৰ বহুমূলীয়া ভাষণ সামৰণি মাৰে ।

এনেধৰণৰ আন বাতৰিসমূহ