হৃদয় ভাঙিল এগৰাকী কইনাৰ!

নিউজনেষ্ট,১০ মাৰ্চ ২০২৩,নিউজডেস্কঃ নলবাৰীত যুগ্ম জীৱনৰ পাতনি মেলাৰ পূৰ্বেই হৃদয় ভাঙিল এগৰাকী কইনাৰ।
সম্ভ্ৰান্ত পৰিয়ালৰ সুৰাপায়ী দ’ৰাৰ বাবেই বিবাহ ভংগ।

নলবাৰীত এগৰাকী আজৱ দৰা ৷ দৰাৰ কৰ্ম কাণ্ডই এতিয়া সকলোকে আমোদ দিছে যদিও এজনী কইনাৰ জীৱন ৰক্ষা পৰিল দৰাৰ বাবে ।
এগৰাকী দৰাৰ বাবে যেন ভংগ হ’ল তেওঁলোকৰ যুগ্মজীৱন ৷ নলবাৰী বৰখানাজানত এখন বিয়াত ঘটিল এই অথন্তৰ ৷ মদাহী দ’ৰাৰ বাবেই বিবাহৰ দিনাই বিচ্ছেদ হল বিবাহ ৷ । মদৰ ৰাগীত ৰাগিয়াল দ’ৰাৰ অৱস্থা লক্ষ্য কৰিয়ে বিবাহ নহোৱাৰ সীদ্ধান্ত কইনাৰ। ঘটনাৰ বিৱৰণী মতে নলবাৰী জিলাৰ বৰখানাজান গাওঁত বৃহস্পতিবাৰে এখন বিবাহ সমন্ন হয় ।বৰখানাজান গাওঁৰ কইনা আৰু দৰা আছিল নলবাৰীৰ গোপাল বজাৰৰ প্ৰসেনজিৎ হালৈ । ৰাতিপুৱাৰে পৰা সুকলামে বিবাহ সম্পন্ন হয়। নিশা যেতিয়া দৰা প্ৰসেনজিৎ হালৈ মাংগলিক বিবাহৰ বাবে আহে তেতিয়াহে লাগে অথন্তৰ। দৰা প্ৰসেনজিৎ হালৈয়ে হোমৰ গুড়িতেই শুই পৰিল । মদৰ ৰাগীত বহি থাকিব নোৱাৰা হল প্ৰসেনজিতে । তাৰ পিছতে কইনাৰ পৰিয়াল তথা স্থানীয় লোকৰ অভিযোগ সুৰাৰ ৰাগীত মাতাল হৈ আহিছিল দ’ৰা । অকল মাতাল হোৱাই নহয় নিজক বহি থাকিবলৈও নিয়ন্ত্ৰণ কৰিব পৰা নাছিল দ’ৰাজনে।।শেষত দুখন হৃদয়ৰ মিলন হোৱা স্থলী হোমৰ গুৰিতে সুৰাৰ ৰাগীত ৰাগিয়াল দ’ৰাজন বাগৰী পৰে।। এনেকুৱা মদাহী দ’ৰাৰ লগত কোনো পধ্যেই বিবাহ হব নোৱাৰো বুলি কইনাৰ লগতে কইনাৰ পৰিয়ালে সীদ্ধান্ত লয় আৰু ততাতয়াকৈ গাওঁৰ গাওবুঢ়াক মিতি এখন ৰাজহুৱা সভাও অনুষ্ঠিত হয়।। ঘটনাস্থলীত উপস্থিত হয় নলবাৰী সদৰ আৰক্ষী ও ।। যি এক সপোন লৈ হোমৰ গুৰিত বহাৰ কথা আছিল সেই সপোন বিবাহ সম্পন্ন হোৱাৰ পূৰ্বে যেন মৰহি গ’ল ৷ এতিয়া কইনাৰ লগতে পৰিয়ালে উচিত ন্যয়ৰ দাবী জনাইছে৷

এনেধৰণৰ আন বাতৰিসমূহ