২৬ মাৰ্চত অসম লোকসেৱা আয়োগৰ পৰীক্ষাঃ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি!

নিউজনেষ্ট, ২১ মাৰ্চ ২০২৩, নিউজডেস্কঃ অহা ২৬ মাৰ্চত অনুষ্ঠিত হ’ব অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা। মুঠ ৯১৩ টা পদৰ বাবে প্ৰকাশ পোৱা বিজ্ঞাপন অনুসৰি যিসকলে আৱেদন কৰিলে তেওঁলোকক এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পৰাকৈ মুকলি কৰি দিয়া হৈছে।

যোৱা ৬ মাৰ্চৰ পৰা পৰীক্ষাৰ্থীসকলে এডমিট ডাউনলোডৰ সুবিধা লাভ কৰিছে। ২৬ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া প্ৰাৰম্ভিক পৰীক্ষা মুঠ দুটা ভাগত অনুষ্ঠিত হ’ব। পুৱা ১০ বজাৰ পৰা ১২ বজালৈ প্ৰথম ভাগতে জেনেৰেল ষ্টাডিছ -I আৰু দ্বিতীয় ভাগত দিনৰ ২ বজাৰ পৰা ৪ বজালৈ জেনেৰল ষ্টাডিছ-II কাকতৰ পৰীক্ষা অনুষ্ঠিত হ’ব।

পৰীক্ষাৰ্থীসকলে পৰীক্ষাহললৈ এডমিট কাৰ্ড লগত লৈ যাব লাগিব। অসম লোকসেৱা আয়োগে আজি জাৰি কৰা আন এক জাননী অনুসৰি পৰীক্ষাৰ্থীসকলে কোনোধৰণৰ ঘড়ী পৰীক্ষা কেন্দ্ৰলৈ লগত লৈ যাব নোৱাৰিব।

প্ৰয়োজন সাপেক্ষে পৰীক্ষা কেন্দ্ৰৰ নিৰীক্ষকৰ পৰা সময়ৰ বিষয়ে অৱগত হ’ব পাৰিব। সমান্তৰালকৈ আন আন প্ৰতিযোগিতামূলক পৰীক্ষাৰ দৰেই মোবাইল ফোন নিষিদ্ধ হ’ব এই পৰীক্ষাত।

উল্লেখ্য যে পৰীক্ষাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হৈ থকা বিতৰ্কৰ মাজতে অনুষ্ঠিত হ’বলগীয়া এই পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ কেন্দ্ৰসমূহক সাজু কৰি তোলা হৈছে বুলি জানিব পৰা গৈছে। সকলো পৰীক্ষা কেন্দ্ৰতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰাৰ সুপৰিকল্পিত আঁচনি গ্ৰহণ কৰিছে জিলা প্ৰশাসনে।

এনেধৰণৰ আন বাতৰিসমূহ