৬ ফেব্ৰুৱাৰীৰ পৰা কাৰ্বি আংলঙৰ ডিফুত অনুষ্ঠিত হ’ব অসম গ্ৰন্থ মেলা!

নিউজনেষ্ট ০৫ ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ ধেমাজি, নলবাৰী, যোৰহাট আৰু গুৱাহাটীৰ সফলতাৰ পিছত অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত আৰু কাৰ্বি আংলং জিলা প্ৰশাসনৰ সহযোগত ৭ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব লগা এই গ্ৰন্থ মেলা সোমবাৰে বিয়লি ৪ বজাত আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব বিশিষ্ট সাহিত্যিক ৰংবং তেৰাঙে।

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং মুখ্য অতিথি হিচাপে উপস্থিত থাকিবলগীয়া উদ্বোধনী অনুষ্ঠানটোত কেবিনেট মন্ত্ৰী যোগেন মহনো উপস্থিত থাকি ‘অপৰূপ আৰ্লেং’ নামৰ গ্ৰন্থখন উন্মোচন কৰিব।

ডিফু চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ খেলপথাৰৰ গ্ৰন্থ মেলাৰ বাকৰিত এক সংবাদ মেল সম্বোধন কৰি এই কথা অৱগত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই।

ৰাজ্যৰ বাহিৰৰো বহুকেইটা প্ৰকাশন গোষ্ঠীয়ে অংশগ্ৰহণ কৰা এই গ্ৰন্থ মেলাত প্ৰতিদিনে বিয়লিৰ ভাগত ভাষা-সাহিত্য-সংস্কৃতি আদি বিভিন্ন বিষয়ৰ আলোচনা সত্ৰ অনুষ্ঠিত হ’ব।

পৰৱৰ্তী গ্ৰন্থমেলা অনুষ্ঠিত হ’ব বঙাইগাৱত।

সংবাদ মেলত কাৰ্বি আংলং জিলাৰ উপায়ুক্ত মধুমিতা ভাগৱতীৰ লগতে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উপ-সভাপতি বাহাৰুল ইছলাম চৌধুৰীও উপস্থিত থাকে।

এনেধৰণৰ আন বাতৰিসমূহ