ৰঙিয়া তিনিআলিত দুৰ্ঘটনাত পতিত হোৱা দুই যুৱকৰ আত্মাৰ চিৰশান্তিৰ বাবে সৰ্বধৰ্মীয় প্ৰাৰ্থনা !

নিউজনেষ্ট ৩১ জানুৱাৰী ২০২৩,নিউজ ডেস্কঃ  ৰঙিয়া তিনিআলিত যোৱা ২৮ জানুৱাৰীত পথ দুৰ্ঘটনা সংঘটিত হৈ মৃত্যুক আকোৱালি লৈছিল দুজন যুৱকে।  যুৱক দুজনৰ আত্মাৰ চিৰশান্তিৰ বাবে সোমবাৰে নিশাৰ ভাগত তিনিআলি চ’কত সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত হয় । ৰণদিয়া প্ৰয়াস ওৱেলফেয়াৰ ছোচাইটি আৰু শিৱ মন্দিৰ পৰিচালনা সমিতিয়ে সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰে । মৃত ব্যক্তি কেইজনৰ আত্মাৰ সদগতি কামনা কৰি নাগাৰা নাম, ভাগৱত পাঠ, কোৰান পাঠ কৰা হয় । উল্লেখযোগ্য যে ৰঙিয়া তিনিআলি ভাৰত ভুটান আন্তঃৰাষ্ট্ৰীয় পথত এখন ডাম্পাৰে বাইকেৰে গৈ থকা অবস্থাত ৰঙিয়া পাচ নং ওৱাৰ্ডৰ নাজিম আলী আৰু ৰঙিয়া ইচাপুৰৰ হাতিম আলী দুই যুৱকক মহতিয়াই নিয়াৰ ফলত মৃত্যুক সাৱটি লৈছিল ।

এনেধৰণৰ আন বাতৰিসমূহ