ৰাইজৰ ওপৰত মাধমাৰ।

বৃদ্ধি পালে ঔষধ,সোণ, ৰূপৰ মূল্য। হ্ৰাস পালে কেৱল বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য।

নিউজনেষ্ট ০১ এপ্ৰিল,২০২৩: আজিৰে পৰা অৰ্থাৎ নতুন বিত্তীয় বৰ্ষৰ প্ৰথম দিনটোৰে পৰা বৃদ্ধি পালে বিদ্যুৎ মাচুল, পৌৰকৰ, টোলগেটৰ কৰ, জীৱনদায়িনী ঔষধৰ মূল্য । মূল্যবৃদ্ধি ৰোধৰ প্ৰতিশ্ৰুতিৰে কেন্দ্ৰ-ৰাজ্যৰ ক্ষমতালৈ অহা বিজেপি চৰকাৰে এতিয়া সঘনাই পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ, খাদ্য-সামগ্ৰী আদিৰ উপৰি বিদ্যুৎ মাচুল, টোলগেটৰ কৰ, জীৱনদায়িনী ঔষধৰ মূল্যবৃদ্ধি ঘটোৱাত প্ৰবল ক্ষোভৰ উদগীৰণ হৈছে নাগৰিকৰ মাজত । আনহাতে, ৰাজ্য চৰকাৰে এফালে অৰুণোদয় আচঁনিকে ধৰি বিভিন্ন হিতাধিকাৰী আচঁনিৰে দৰিদ্ৰ জনতাৰ বেংকত নূন্যতম ধন জমা দিয়াৰ পৰিৱৰ্তে মূল্যবৃদ্ধিৰ জৰিয়তে তাতকৈ দুগুণ সংখ্যক ধন উলিয়াই নিছে । আজিৰে পৰা পেৰাচিটামল, এন্টিবায়টিক, ফলিক এচিড,এনাস্থেচিয়াসহ ৩৮৪ বিধ নিত্য প্ৰয়োজনীয় ঔষধৰ মূল্য ১২ শতাংশ পৰ্যন্ত বৃদ্ধি পাব । ইয়াৰ সমান্তৰালভাৱে ৰাজ্যৰ বিদ্যুৎ গ্ৰাহকে প্ৰতি মাহে প্ৰতি কিলোৱাট ভিত্তিত ভৰিব লাগিব অতিৰিক্ত দহ টকাকৈ । একে সময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা ৭ খন টোলগেটত ৫ৰ পৰা ১০ শতাংশলৈ বৃদ্ধি কৰা হৈছে কৰ ।ফলত মূল্যবৃদ্ধিৰ বাবে বিত্তীয় বৰ্ষৰ প্ৰথম দিনটোৰ পৰাই ত্ৰাহি মধুসূদন দেখিব লাগিব সাধাৰণ নাগৰিকে ।

এনেধৰণৰ আন বাতৰিসমূহ