ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিছে জাগীৰোডৰ বোৱাৰী শান্তা শৰ্মা!

নিউজনেষ্ট, ২৮ ফেৱ্ৰুৱাৰী ২০২৩, নিউজডেস্কঃ ৰাষ্ট্ৰীয় টেলিভিশ্যন চেনেল চ’নী টিভিযোগে সম্প্ৰচাৰিত “মাষ্টাৰ চেফ” প্ৰতিযোগিতাত অংশগ্ৰহণেৰে জাগীৰোডৰ আমলিঘাটৰ বোৱাৰী শান্তা শৰ্মাই দৃষ্টি আকৰ্ষণ কৰিছে বিচাৰকৰ।

ইতিমধ্যে এই প্ৰতিযোগিতাৰ চূড়ান্ত পৰ্য্যায়লৈ উন্নীত হোৱা এইগৰাকী শান্তা শৰ্মাই অসমবাসীৰ আশীষ বিচাৰি আজি অসমত উপস্থিত হয়।

এই উপলক্ষে যোৰাবাটৰ নাগৰিক সমাজে শান্তা শৰ্মাক যোৰাবাটত উষ্ম আদৰণি জনায়।

অসমৰ থলুৱা সুস্বাদু ব্যঞ্জন প্ৰস্তুতেৰে ইতিমধ্যে তেওঁ দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ,, শান্তা শৰ্মাৰ আশা অসমৰ এই সুস্বাদু ভিন্নধৰ্মী ব্যঞ্জনে এই প্ৰতিযোগিতাৰ যোগেৰে দেশত ৰাজ্যৰ নাম উজলাবলৈ সক্ষম হ’ব।

এনেধৰণৰ আন বাতৰিসমূহ