ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কিয় পালন কৰা হয়?

নিউজনেষ্ট, ২৮ ফেৱ্ৰুৱাৰী ২০২৩, নিউজডেস্কঃ ভাৰতবৰ্ষত প্ৰতিবছৰে ২৮ ফেব্ৰুৱাৰীত পালন কৰা হয় ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস। নৱেল বঁটা বিজয়ী ভাৰতৰ প্ৰখ্যাত পদাৰ্থ বিজ্ঞানী চন্দ্ৰশেখৰ ভেঙ্কট ৰমনে ১৯২৮ চনৰ ২৮ ফেব্ৰুৱাৰীত আৱিষ্কাৰ কৰা ৰমন পৰিঘটনাক সুঁৱৰি ভাৰতত এই দিৱস পালন কৰা হয় । ভাৰতৰ প্ৰখ্যাত পদাৰ্থ বিজ্ঞানী চন্দ্ৰশেখৰ ভেঙ্কট ৰমনে ১৯২৮ চনৰ ২৮ ফেব্ৰুৱাৰীত ৰমন পৰিঘটনা নামে এক পৰিঘটনা আৱিষ্কাৰ কৰে আৰু এই আৱিষ্কাৰৰ বাবে ১৯৩০ চনত চন্দ্ৰশেখৰ ভেঙ্কট ৰমনে পদাৰ্থ বিজ্ঞানত ন’বেল বঁটা লাভ কৰে । ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস প্ৰথম পালন কৰা হয় ১৯৮৭চনত ৷ চন্দ্ৰশেখৰ ভেঙ্কট ৰমনৰ এই আৱিষ্কাৰৰ প্ৰায় ছয় দশকৰ পাছত ১৯৮৬ চনত ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা যোগাযোগ আয়োগ চমুকৈ NCSTCএ ভাৰত চৰকাৰৰ ওচৰত ২৮ ফেব্ৰুৱাৰীক ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে স্বীকৃতি দিবলৈ আবেদন কৰে ৷ ভাৰত চৰকাৰে ইয়াক অনুমোদন জনায়। ১৯৮৭ চনৰ পৰা এই দিৱসৰ আৰম্ভণি হয়। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ উদেশ্য হৈছে আমাৰ দৈনন্দিন জীৱনত বিজ্ঞান আৰু প্ৰযুক্তিৰ তথা ইয়াৰ কাৰ্যকলাপ সম্পৰ্কে প্ৰচাৰ কৰা । ইয়াৰ উপৰিও বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰসাৰৰ লগত জড়িত বিজ্ঞানী, সাহিত্যিক, ছাত্ৰ-ছাত্ৰী আৰু অন্যান্যসকলক উৎসাহিত কৰা ৷

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস প্ৰতিবছৰে এক বিষয়বস্তুক কেন্দ্ৰ কৰি পালন কৰা হয়।

২০২৩ চনৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ থিম হৈছে – Global Science for Global Wellbeing

এক ঐতিহাসিক ঘটনাক স্মৰণীয় কৰি ৰাখিবলৈ পালন কৰা ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসত সকলো বিজ্ঞানীলৈ শুভেচ্ছা জনাইছোঁ। বিজ্ঞানীসকলৰ প্ৰতিভা আৰু অগ্ৰণী গৱেষণাই ভাৰতৰ লগতে বিশ্ব সমাজলৈ অভূতপূৰ্ব অৰিহণা যোগাইছে। ভাৰতীয় বিজ্ঞানৰ এই প্ৰগতিময়ী যাত্ৰা অব্যাহত থাকক আৰু যুৱপ্ৰজন্মক বিজ্ঞানৰ প্ৰতি আগ্ৰহী কৰি তোলক।

এনেধৰণৰ আন বাতৰিসমূহ