ৰাহুল গান্ধীৰ এক টুইটে পুনৰ জোকাৰিছে ছচিয়েল মিডিয়া।

শাসনাধিষ্ঠ চৰকাৰ খনক উদ্দেশ্য কৰি কটাক্ষ মূলক মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ।

নিউজনেষ্ট ০৪ এপ্ৰিল,২০২৩ : শাসনাধিষ্ঠ চৰকাৰ খনক উদ্দেশ্য কৰি কটাক্ষ মূলক মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। ”সত্যই মোৰ অস্ত্ৰ” ৰাহুল গান্ধীৰ এক টুইটে পুনৰ জোকাৰিছে ছচিয়েল মিডিয়া। ‘মোডী’ উপাধিক লৈ কৰা মন্তব্যৰ বাবে চুৰাট আদালতে ২ বছৰৰ বাবে কাৰাদণ্ড বিহিছিল ৰাহুল গান্ধীক। ইয়াৰ লগে লগে সংসদ পদো খাৰিজ হৈছিল গান্ধীৰ। সোমবাৰে গুজৰাটৰ চুৰাট আদালতৰ পৰা ১৩ এপ্ৰিললৈ জামিন লাভ কৰাৰ পিছত কংগ্ৰেছৰ ৰাহুল গান্ধীয়ে আন এটা গান্ধীবাদী টুইট কৰি কয় যে “সত্য মোৰ অস্ত্ৰ”।টুইট কৰি তেওঁ কয় যে “এয়া মিত্ৰকালৰ বিৰুদ্ধে গণতন্ত্ৰ ৰক্ষাৰ যুঁজ। এই সংগ্ৰামত সত্য মোৰ অস্ত্ৰ, আৰু সত্য হৈছে মোৰ আশ্ৰয়” ।

এনেধৰণৰ আন বাতৰিসমূহ