ৰূপহীহাটত দুটা হস্ত নিৰ্মিত গ্ৰেনেড, পিস্তল সহ গ্ৰেপ্তাৰ এজন।

নিউজনেষ্ট,০১ মাৰ্চ ২০২৩, নিউজডেস্কঃ নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষীৰ বৃহৎ সফলতা। দুটাকৈ হস্ত নিৰ্মিত গ্ৰেনেড সহ পিষ্টল উদ্ধাৰ। ৰূপহীহাটৰ কাছখাইতীত অভিযান চলাই দুটাকৈ গ্ৰেনেডৰ সৈতে পিষ্টলসহ গ্ৰেপ্তাৰ কৰে আজিজুৰ ৰহমান নামৰ এজনক। আজিজুৰ ৰহমান নামৰ লোকজনৰ ঘৰত অভিযান চলাই উদ্ধাৰ কৰে আৰক্ষীয়ে।আৰক্ষীয়ে এক গোপন সূত্ৰত পম খেদি নিশা কাছখাইতীত অভিযান চলাই উদ্ধাৰ কৰে দুটাকৈ গ্ৰেনেড , এটা পিষ্টল, দুই ৰাউণ্ড গুলী, খুকুৰি । আজিজুৰ ৰহমান বিভিন্ন অপৰাধজনিত কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগ আছে। ধৃত আজিজুৰ ৰহমানক অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

এনেধৰণৰ আন বাতৰিসমূহ