নগাঁৱৰ সদৰ থানাৰ সন্মুখত অসম আৰক্ষীৰ এনকাউণ্টাৰ বিৰুদ্ধে প্ৰতিবাদ।

নিউজনেষ্ট, ২৬ ফেৱ্ৰুৱাৰী ২০২৩, নিউজডেস্কঃ নগাঁৱৰ সদৰ থানাৰ সন্মুখত অসম আৰক্ষীৰ এনকাউণ্টাৰ বিৰুদ্ধে প্ৰতিবাদ। প্ৰতিবাদত অংশ গ্ৰহণ কৰে নগাঁও আৰক্ষীৰ ভুৱা এনকাউণ্টাৰত বলি হোৱা কৃতি কমল বৰায়ে।

অসম আৰক্ষীৰ ভুৱা এনকাউণ্টাৰ এক জলন্ত উদাহৰণ মই।

অসম আৰক্ষীৰ কাণ্ডসমূহ লজ্জাজনক।

অসম আৰক্ষীৰ ভুৱা এনকাউণ্টাৰৰ বাবে পুনৰ এজন নিৰীহ লোকৰ মৃত্যু হল।

অসম আৰক্ষীৰ ভুৱা এনকাউণ্টাৰৰ বাবে মোৰ এখন ভৰি চিৰদিনৰ বাবে ঘুনিয়া হল।

মই আৰক্ষীৰ ভুৱা এনকাউণ্টাৰৰ জলন্ত উদাহৰণ হিচাপে ৰাজপথত আহি অসম আৰক্ষীৰ ভুৱা এনকাউণ্টাৰৰ প্ৰতিবাদ কৰিছো।

ডিম্বেশ্বৰ মুচাহাৰিক নহয় আমাকো বধ কৰক।

কেনাৰাম বসুমতাৰীৰ পৰিৱৰ্তে আৰক্ষীয়ে ডিম্বেশ্বৰ মুচাহাৰি নামৰ নি-অপৰাধী যুৱকক হত্যা কৰি পাছত তেওঁক ডকাইত সজাইছে।

বৰ্তমান অসম আৰক্ষী মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত হাতৰ পুতলা হৈ পৰিছে।

এনকাউণ্টাৰৰ নামত মুক্ত হত্যাৰ আখৰা আৰম্ভ হৈছে অসমত।

অগপৰ দিনত অসমত গুপ্ত হত্যা/ বৰ্তমান মুখ্যমন্ত্ৰীৰ নেতৃত্বত চৰকাৰে মুক্ত হত্যা কৰিছে।

মুখ্যমন্ত্ৰীৰ নেতৃত্বতেই এই ভুৱা এনকাউণ্টাৰটো সংঘটিত হৈছিল।

অসমত এনকাউণ্টাৰৰ নামত সাধাৰণ মানুহৰ নিধন যজ্ঞ বন্ধ হব লাগে।

ভুৱা এনকাউণ্টাৰৰ যোগেদি হোৱা হত্যাকাণ্ডৰ ন্যায়িক দণ্ডাধীশ পৰ্যায়ত তদন্ত ঘোষণা কৰি তাৰ আওতালৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকো আনিব লাগে বুলি দাবী জনায় প্ৰতিবাদকাৰীয়ে।

এনেধৰণৰ আন বাতৰিসমূহ