নলবাৰী চিকিৎসা মহাবিদ্যালয়ত মুখ্যমন্ত্ৰী ড০.হিমন্ত বিশ্ব শৰ্মা!

নিউজনেষ্ট ০২ ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ

আজি নৱ নিৰ্মিত নলবাৰী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০. হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ।
নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণৰ আন্ত:গাঠনি বুজ লোৱাৰ লগতে প্ৰতিটো কক্ষই পৰ্যবেক্ষণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।
চিকিৎসা মহাবিদ্যালয় খন পৰ্যবেক্ষণ কৰি সাংবাদিকৰে সাক্ষাৎকাৰত মিলিত হয় মুখ্যমন্ত্ৰী ড০. হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰীয়ে কয় যে এই বৰ্ষৰ অক্টোবৰ মাহতে আৰম্ভ হ’ব নলবাৰীৰ চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্য সেৱা ।
অসমৰ তিনিখন চিকিৎসা মহাবিদ্যালয় ক্ৰমে কোকৰাঝাৰ , নগাও আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে সম্পূৰ্ণ হোৱাত National Medical Council ত inspectionৰ বাবে পঞ্জীয়ন ভুক্ত কৰা হৈছে বুলি সাক্ষাৎকাৰত সদৰী কৰে মুখ্যমন্ত্ৰী ড০. হিমন্ত বিশ্ব শৰ্মাই । নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা এই তিনিখন মেডিকেল কলজৰ চৰকাৰে দুখনৰ সফল কৰাৰ লক্ষ্যৰে দুশটা মেডিকেল চীট বঢ়োৱাৰ কথা সদৰী কৰে । বুধবাৰে কোকৰাঝাৰ মেডিকেল কলেজত National Medical College Inspection হৈ যোৱাৰ পিছত অতি কমদিনৰ ভিতৰতে নলবাৰী আৰু নগাওতো National Medical Council ৰ Inspection হব বুলি কয় মুখ্যমন্ত্ৰী ড০. হিমন্ত বিশ্ব শৰ্মাই ।
আজি দক্ষিণ গাৱঁৰ নৱ নিৰ্মিত চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য ।
নলবাৰীৰ দক্ষিণ গাৱঁৰ নৱ নিৰ্মিত চিকিৎসা মহাবিদ্যালয়ত উপস্থিত মুখ্য মন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই চিকিৎসা মহাবিদ্যালয়ৰ প্ৰতিটো বিভাগৰে তদাৰক কৰে ।

ইপিনে মুখ্যমন্ত্ৰী গৰাকীয়ে নলবাৰীত চিকিৎসালয় মহাবিদ্যালয় পৰিদৰ্শন কৰা সময়ত উপস্থিত থাকে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু নলবাৰীৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।

এনেধৰণৰ আন বাতৰিসমূহ