পদ্মশ্ৰী দুলাল মানকিক ভাৰতীয় তেল নিগমৰ সম্বৰ্ধনা !

নিউজনেষ্ট,০৭ মাৰ্চ ২০২৩,নিউজডেস্কঃ ঝুমইৰ সম্ৰাট পদ্মশ্ৰী দুলাল মানকিক আজি ভাৰতীয় তেল নিগম তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় । ভাৰতীয় তেল নিগমৰ তিনিচুকীয়াস্থিত ইনডেন সংমণ্ডল কাৰ্যালয়ৰ এল পি জি ছেলছৰ প্ৰবন্ধক মিল’ চাদা আৰু এল পি জি ছেলছৰ জেষ্ঠ বিক্ৰয় প্ৰবন্ধক অমিত ৰয়ে ২০২১ বৰ্ষত পদ্মশ্ৰী সন্মানেৰে সন্মানিত দুলাল মানকিক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় । পদ্মশ্ৰী দুলাল মানকিৰ বৰহাপজানৰ কেছেৰুগুৰিৰ বাসগৃহত ভাৰতীয় তেল নিগমে আজি তেওঁক সম্বৰ্ধনা জনোৱাৰ লগতে মানকিক নতুনকৈ প্ৰবৰ্তন কৰা তথা কম্পজিত মেটেৰিয়েলৰ দ্বাৰা তেল নিগমে প্ৰস্তুত কৰা গেছ চিলিণ্ডাৰৰ সৈতে এটা নতুন গেছৰ সংযোগ আগবঢ়ায় । এই সম্পৰ্কত দুলাল মানকিৰ বাসগৃহত আয়োজিত অনুষ্ঠানত প্ৰবন্ধক মিল’চাদাই নতুনকৈ প্ৰবৰ্তন কৰা চিলিণ্ডাৰটোৰ বিষয়ে কয় যে এই চিলিণ্ডাৰটো পূৰ্বৰ চিলিণ্ডাৰতকৈ বেছি সুৰক্ষিত আৰু ইয়াৰ ভৰ কম । তাৰোপৰি এই চিৰিণ্ডাৰটোৰ বিস্ফোৰণৰ সম্ভাৱনা নাই । ডুমডুমাৰ এলাইড গেছ চাৰ্ভিছেজৰ স্বত্বাধিকাৰ সুজিত কুমাৰ বৰুৱাই আগ ভাগ লোৱা অনুস্থানটোত পদ্মশ্ৰী দুলাল মানকিয়ে তেওঁক সম্বৰ্ধনা জনোৱাৰ লগতে এটা গেছৰ সংযোগ বিনামূলীয়াকৈ দিয়াৰ বাবে ভাৰতীয় তেল নিগমক ধন্যবাদ জনায় । অনুস্থানত তেওঁৰ সহধৰ্মিনী নিভা মানকি , তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সভাপতি অনুজ কলিতা, কোষাধ্যক্ষ দীনেশ গোয়েল, ডুমডুমা প্ৰেছ ক্লাবৰ সম্পাদক মনোজ বৰুৱা, সাংবাদিক সুজিত দেব, ললিত তাঁতী আৰু কিছুসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে |

এনেধৰণৰ আন বাতৰিসমূহ