ৰামপুৰত চাঞ্চল্যকৰ ঘটনা!

নিউজনেষ্ট ৪ ফ্ৰেব্ৰুৱাৰী,২০২৩: শনিবাৰে দক্ষিণ কামৰূপৰ পলাশবাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত ৰামপুৰত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। সাতপখলীৰ বৰ্ণালী কলিতা নামৰ ছোৱালী জনীৰ সৈতে ৰামপুৰৰ দোকানী কমল কলিতা তিনিমাহ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল আৰু শনিবাৰে বৰ্ণালী কলিতাৰ ৰহস্য জনক ভাৱে মৃত্যু হয়। কমল কলিতাৰ পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি আত্মহত্যা কৰিছে বৰ্ণালী কলিতাই। কিন্তু বৰ্ণালী কলিতাৰ মাতৃ ভগ্নীয়ে অত্মহত্যাৰ সম্পূৰ্ণ বিৰোধিতা কৰি কমল কলিতাৰ পৰিয়ালৰ ওপৰত বিভিন্ন অভিযোগ উত্থাপন কৰিছে । বৰ্ণালী কলিতাৰ মাতৃয়ে জানিব দিয়া অনুসৰি বিয়াৰ পিছৰে পৰা বৰ্ণালী কলিতাক নানান অত্যাচাৰ চলাইছিল কমলৰ পৰিয়ালে। বিশেষকৈ বৰ্ণালী কলিতাৰ বিবাহিত ননদ গৰাকীয়ে মাকৰ ঘৰলৈ আহি বৰ্ণালীৰ উপৰত চলাইছিল অত্যাচাৰ । ননদ গৰাকী অসম আৰক্ষীত কৰ্মৰত বাবে বৰ্ণালীৰ ওচৰত নিজৰ লৰা ছোৱালী প্ৰায়ে ৰাখিছিল আৰু তাতেই বিভিন্ন অজুহাত উলিয়াই শাৰীৰিক আৰু মানসিক ভাৱে বিভিন্ন অত্যাচাৰ চলাইছিল শিক্ষিত বোৱাৰী বৰ্ণালীৰ ওপৰত। ইফালে বৰ্ণালীৰ পৰা আৰক্ষীত কৰ্মৰত ননদ গৰাকীয়ে চাকৰি দিয়াৰ নামত ৮০ হাজাৰ টকা লৈছিল । আৰু এই সকলোবোৰৰ বাবেই আজি ননদ গৰাকীয়ে অন্য পৰিয়ালৰ লোক সকলৰ সৈতে মিলি বৰ্ণালী কলিতাক হত্যা কৰে ।

এনেধৰণৰ আন বাতৰিসমূহ