ছেবাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত!

নিউজনেষ্ট,২৭ ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ অসম মাধ্যমিক শিক্ষা পৰিষদৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। বাতিল কৰিলে ১০৫ খন বিদ্যালয়ৰ স্বীকৃতি। ছেবাই ৩১ মাৰ্চ ২০২১ ৰ পৰা কাৰ্যকৰী হোৱাকৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে।ছেবাৰ সিদ্ধান্ত অনুসৰি এই বিদ্যালয় সমূহে ১ এপ্ৰিল, ২০২৩ ৰ পৰা নৱম শ্ৰেণীৰ কোনো শিক্ষাৰ্থী পঞ্জীভুক্ত কৰিব নোৱাৰিব।

ছেবাৰ মতে, প্ৰায় ২৯৪ খন ব্যক্তিগত/অপ্ৰাদেশীকৃত বিদ্যালয়ে মেট্ৰিক আৰু হাইমাদ্ৰাছা পৰীক্ষা ২০২২ ত ভাল প্ৰদৰ্শ কৰিব পৰা নাছিল। এই ২৯৪ খন বিদ্যালয়ৰ ভিতৰত ৪১ খন বিদ্যালয়ে বিগত ৫ বছৰ ধৰি নিৰন্তৰ বেয়া (উত্তীৰ্ণৰ হাৰ ০-১০ শতাংশ) আছিল।

তাৰ পাছতেই ছেবাই এই বিদ্যালয় সমূহক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল। ইয়াৰে ১৮৭ খন বিদ্যালয়ে কাৰণ দৰ্শাই উত্তৰ দিছিল। কাৰণ দৰ্শাই উত্তৰ দিয়া বিদ্যালয় সমূহক সুযোগ দিয়ে চেবাই।

আনহাতে কোনো ধৰণৰ সঁহাৰি নিদিলে ১০৭ খন বিদ্যালয়ে। ইয়াৰে , কোকৰাঝাৰৰ মৰ্নাই চাহ বাগিচা উচ্চ বিদ্যালয় আৰু শ্ৰী শ্ৰী ৰামানন্দ দেৱ ছোৱালী উচ্চ বিদ্যালয়, নগাঁওকো সুযোগ প্ৰদান কৰে।

উত্তৰ নিদিয়া ১০৫ খন বিদ্যায়ৰ স্বীকৃতি বাতিল কৰে ছেবাই। উত্তৰ নিদিয়া বাবে ছেবাই ভাবি লৈছে যে পৰীক্ষাৰ মান উন্নত কৰিবলৈ বিদ্যালয় কেইখন আগ্ৰহী নহয়। ছেবাৰ এই নিৰ্দেশ অতি শীঘ্ৰেই কাৰ্যকৰী হ’ব।

Comments (0)
Add Comment