ডিব্ৰুগড় বিশ্ববিদ্যালয় যুৱ মহোৎসৱ আৰম্ভণি!

নিউজনেষ্ট ০১ ফেৱ্ৰুৱাৰী ২০২৩, নিউজডেস্কঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৬৪ খন মহাবিদ্যালয়ৰ পৰা ১৫০০ প্ৰতিনিধিৰ উপস্থিতত আজিৰে পৰা আৰম্ভ হৈছে ডিগবৈ মহিলা মহাবিদ্যালয়ত যুৱ মহোৎসৱ।

আজি পুৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পতাকা  উত্তোলন কৰে উপাচাৰ্য ড° জিতেন হাজৰিকাই।  ডিগবৈ মহিলা মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে অধ্যক্ষা ড° সঞ্জিতা চেতিয়াই। ডিগবৈ মহিলা মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি লক্ষীনন্দন গগৈয়ে স্মৃতি তৰ্পণ কৰে।

দুপৰীয়া উদ্বোধনী সভাত সাংস্কৃতিক সমন্বয়ক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° সুৰজিত বৰকটকীয়ে আদৰণি ভাষণ,ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জিতেন হাজৰিকাই উদ্বোধনী ভাষণ দিয়া সভাৰ আঁতধৰে অধ্যাপক ড° পংকজ লোচন গগৈয়ে।

ভাৰতীয় তেল নিগম অসম অইল সংমণ্ডলৰ মানৱ সম্পদ বিভাগৰ জেনেৰেল মেনেজাৰ কমল বসুমতাৰীয়ে যুৱ মহোৎসৱ উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ ‘অন্তৰীক্ষ’ উন্মোচন কৰে।উদ্বোধনী অনুষ্ঠানত ড° দীপজ্যোতি গগৈ , বিশিষ্ট ব্যক্তি আৰু একাধিক সাংবাদিক উপস্থিত থাকে।

মহোৎসৱৰ বিভিন্ন প্ৰতিযোগিতা সমূহ লুইত শিল্পী সমাজ,পৰাগধৰ চলিহা প্ৰেক্ষাগৃহ, গ’ল্ডেন জুবিলী কমপ্লেক্স আৰু ডিগবৈ মহিলা মহাবিদ্যালয়ত পৃথকে আৰম্ভ কৰা হয়।

Comments (0)
Add Comment