মাজবাটৰ কমলাবাৰীৰ অসম অৰুনাচল সিমান্তত মাজবাট আঞ্চলিক বন কৰ্মীৰ টহল!

নিউজনেষ্ট,১৯ আগষ্ট,নিউজ ডেস্ক ৰিপৰ্ট : মাজবাটৰ কমলাবাৰীৰ অসম অৰুনাচল সিমান্তত মাজবাট আঞ্চলিক বন কৰ্মীৰ টহল। ওদালগুৰি জিলাৰ মাজবাটৰ অসম অৰুনাচল সিমান্তৰ নিজৰা চেণ্টাৰৰ কমলাবাৰীত মাজবাট আঞ্চলিক বন বিভাগৰ বিট অফিচাৰ মিন্টু বড়োৰ নেতৃত্বত মাজবাট আঞ্চলিক বন বিভাগৰ বন কৰ্মীৰ দলে সন্ধিয়াৰে পৰা টহল দিয়া পৰিলক্ষিত হয়। জানিব পৰা মতে যোৱা ১৬ আগষ্টত নিশা মাজবাটৰ নিজৰা চেণ্টাৰৰ কমলাবাৰীত হাতীৰ আক্রমনত দেৱ শিশু সহ তিনি জন লোকৰ মৃত্যু হৈছিল। উক্ত অঞ্চলত এনে ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ কাৰনে মাজবাট আঞ্চলিক বন বিভাগৰ বন কৰ্মীৰ দলে হাতীৰ আক্রমনৰ পৰা গাওঁ বাসিক ৰক্ষা কৰাৰ যথোপযুক্ত বেবস্থা কৰি থকা হৈছে বুলি বিট অফিচাৰ মিন্টু বড়োয়ে সাংবাদিকক জানিবলৈ দিয়ে। অসম অৰুনাচল সিমান্তত প্রায় ২৫ খন ফৰেষ্ট গাওঁ আছে। এই ফৰেষ্ট গাওঁ সমুহত হাতীৰ আক্রমনৰ পৰা ৰক্ষা পোৱাৰ বাবে সজাগতা অনাৰ চেষ্টা কৰা হব বুলি বন বিভাগৰ বিট অফিচাৰ বড়োয়ে জানিবলৈ দিয়ে।

Comments (0)
Add Comment