মৈৰাবাৰীৰ ভেলৌগুৰীত জিলা পৰিবহন বিভাগৰ অভিযান!

নিউজনেষ্ট,০৩ মাৰ্চ ২০২৩,নিউজডেস্কঃ মৈৰাবাৰীৰ ভেলৌগুৰী থানাৰ অন্তৰ্গত অলিয়ে গলিয়ে নথি পত্ৰ বিহীন বাবে চলাচল কৰি থকা ট্ৰেক্টৰ, ডাম্পাৰ আৰু জে চি বিৰ বিৰুদ্ধে অভিযান মৰিগাঁও জিলা পৰিবহন বিভাগৰ।

অঞ্চলটোত বিগত কিছুদিন ধৰি মাটি কঢ়িওয়া ট্ৰেকৰ ডাম্পাৰৰ চলাচলত অতিষ্ঠ হৈছিল সাধাৰণ ৰাইজ।সমান্তৰালকৈ এই সন্দৰ্ভত বাতৰিও পৰিবেশিত হৈ আছিল।

আজি মৰিগাঁও জিলা পৰিবহন বিভাগে উলুবাৰীৰ অঞ্চলত অবৈধ বাবে চলি থকা কেইবাখনো
ট্ৰেক্টৰ,জে চি বি জব্দ কৰাৰ লগতে জৰিমনা বিহে।

তাৰ লগতে ভালেসংখ্যক চালকক বৈধ নথি নথকাৰ  বাবে বুজন পৰিমাণৰ জৰিমনাও বিহাৰ লগতে অতি শীঘ্ৰে  অঞ্চলত  বৈধ বাবে মাটি কঢ়িওয়া ট্ৰেক্টৰ আৰু ডাম্পাৰ সমূহৰ বিৰুদ্ধে অভিযান চলাব বুলি উল্লেখ কৰে।

Comments (0)
Add Comment