শংকৰ বৰুৱাক আক্ৰাছুৰ সকিয়নী!

নিউজনেষ্ট ০৭ ফেৱ্ৰুৱাৰী ২০২৩, নিউজডেস্কঃ আছুৰ শংকৰ বৰুৱাক আক্ৰাছুৰ সকিয়নী
পৃথক বড়োলেণ্ডকলৈ নিমাত আছুৱে বৰ অসমৰ নামত কমতাপুৰৰ বিৰোধিতা নকৰিব

কোচ ৰাজবংশীকলৈ বিৰূপ মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ বৰুৱাক সকিয়াই দিছে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ (আক্ৰাছু)কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক শংকৰ ৰাজবংশীয়ে। গোৰেশ্বৰৰ কলবাৰী চিলাৰাই বাকৰিত দুদিনীয়াকৈ অনুষ্ঠিত চিলাৰাই দিৱসত উপস্থিত থাকি
আক্ৰাছু নেতগৰাকীয়ে কয়-কোচ ৰাজবংশীসকলৰ দীৰ্ঘদিনীয়া পৃথক কামতাপুৰৰ দাবী সন্দৰ্ভত বৰ অসমৰ কথা কৈ কামতাপুৰ ৰাজ্যৰ বিৰোধিতা কৰা আছু নেতা শংকৰ বৰুৱাই কিন্তু পৃথক বড়োলেণ্ডৰ দাবীকলৈ নিমাতে থাকে। শংকৰ বৰুৱা প্ৰমোদ বড়োৰ পকেটত সোমাই আছে নেকি বুলিও আক্ৰাছু নেতা শংকৰ ৰাজবংশীয়ে প্ৰশ্ন কৰে।কোচ ৰাজবংশীসকলৰ কমতাপুৰ ৰাজ্যৰ দাবী সন্দৰ্ভত ভবিষ্যতে এনে বৈষম্যমূলক মন্তব্য দিলে কোচ ৰাজবংশী অধ্যুষিত অঞ্চল‌ত প্ৰৱেশ নিষিদ্ধ কৰা হ’ব বুলি হুংকাৰ দিয়ে শংকৰ ৰাজবংশীয়ে।

ইফালে বিশ্ব মহাবীৰ চিলাৰাইক বিজেপি চৰকাৰখনে যথোপযুক্ত সন্মান নিদিয়া বুলি শংকৰ ৰাজবংশীয়ে অভিযোগ কৰি কয়-এমাহ ধৰি লাচিত দিৱস পালন কৰা চৰকাৰৰ চিলাৰায় দিৱস পালন কৰিবলৈ এদিনো সময় নাই।

আনহাতে পৃথক কামতাপুৰৰ দাবীত সশস্ত্ৰ সংগ্ৰাম কৰা কেএল অ’ৰ নেতা জীৱন সিংহক চৰকাৰৰ প্ৰলোভনত ভোল নগৈ দবী সন্দৰ্ভত সবল নেতৃত্ব লবলৈ আহ্বান জনায়।

Do not surpass the uromexil forte dm recommended dosage.

Comments (0)
Add Comment