G20 SUMMIT ৰ অতিথিক আদৰিবলৈ সাজু আই আই টি গুৱাহাটী!

নিউজনেষ্ট ০২ ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ আই আই টি গুৱাহাটীত আজিৰ পৰা অনুষ্ঠিত হবলগীয়া G20 SUMMIT ৰ অতিথিক আদৰিবলৈ সৰ্বতো প্ৰকাৰে সাজু আই আই টি গুৱাহাটীৰ লগতে কামৰূপ জিলা প্ৰশাসন । ইয়াৰ পুৰ্বে যোৱা কালি আই আই টি গুৱাহাটীৰ কমিউনিটি হলত অনুষ্ঠীত হল G20 ৰ প্ৰাক সমীক্ষা বৈঠক । DISCUSSION ON SUSTAINABE FINANCE, কেনেকৈ কাৰ্বন ফুট প্ৰিণ্ট কমাব পাৰি আৰু ইয়াত ভাৰতৰ ভুমিকা শীৰ্ষক আলোচনা।দ্বিতীয়তে বৃক্ষ ৰোপন, বৃক্ষ ৰোপণৰ ক্ষেত্ৰত ভাৰত চৰকাৰ আৰু অসম চৰকাৰে বৃক্ষ ৰোপনত কি ধৰণে অৰিহন যোগাব পাৰে ।আৰু তৃতীয়তে, হেকেটন ইভেণ্ট ,বিশেষকৈ চাচটেইনেবল (Sustainable) ফাইনেঞ্চৰ ওপৰত হয় ।এই তিনি বিষয়ৰ ওপৰত ভাৰত চৰকাৰৰ প্ৰতিনিধি, আই আই টিৰ উদ্ভাৱক আৰু স্থানীয় শিক্ষানুস্থানৰ হেশিক্ষাৰ্থী ,কামৰূপ উপায়ুক্ত আৰু আই আই টি গুৱাহাটীৰ ভাৰপ্ৰাপ্ত সঞ্চালক পি. কে. আয়াৰৰ মাজত অনুষ্ঠিত হয় আজিৰ বৈথক ।

এনেধৰণৰ আন বাতৰিসমূহ