IPL ২০২৩ ৰ পৰা বাহিৰ হ’ল কেন উইলিয়ামছন!

নিউজনেষ্ট ০১ এপ্ৰিল,২০২৩: গুজৰাট টাইটানছলৈ বেয়া খবৰ। আই পি এল ২০২৩ৰ পৰা বাহিৰ হ’ল কেন উইলিয়ামছন। চি এছ কেৰ বিৰুদ্ধে খেলোঁতে আঘাতপ্ৰাপ্ত হয় কেন উইলিয়ামছন। দলটোৰ তাৰকা বেটছমেন কেন উইলিয়ামছনৰ আঁঠুৰ আঘাতৰ বাবে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰিব। শুকুৰবাৰে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলা প্ৰথমখন মেচত ফিল্ডিং কৰি থকাৰ সময়তে উইলিয়ামছনৰ আঁঠুত আঘাতপ্ৰাপ্ত হয়। আঘাতৰ পিছত উইলিয়ামছনে খেলপথাৰৰ বাহিৰলৈ ওলাই যায়।২০২২ চনৰ আই পি এলত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ অধিনায়ক আছিল উইলিয়ামছন যদিও দলটোৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে তেওঁক হায়দৰাবাদে মুকলি কৰি দিয়ে। এতিয়া গুজৰাটৰ হৈ খেলাটো তেওঁৰ বাবে সফল নহ’ল। প্ৰথমখন মেচৰ পিছত আঘাতৰ বাবে তেওঁ প্ৰতিযোগিতাখনৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল। ফিল্ডিঙৰ সময়ত আঘাতপ্ৰাপ্ত কেন উইলিয়ামছনে মেচখনত বেটিং কৰিব নোৱাৰিলে। তেওঁৰ ঠাইত সাই সুদৰ্শনক ‘ইমপেক্ট প্লেয়াৰ’ হিচাপে নিযুক্তি দিয়া হয়।

এনেধৰণৰ আন বাতৰিসমূহ