কেশৱ মহন্তৰ ভাতৃ মণি মাধৱ মহন্তৰ বিয়াত উপস্থিত হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা!

নিউজনেষ্ট ০১ ফেৱ্ৰুৱাৰী ২০২৩ নিউজডেস্কঃ

কলিয়াবৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্ম দিন উপলক্ষে কেশব মহন্তৰ ভাতৃ মণি মাধৱ মহন্তৰ বিবাহ স্থলীতে কেশৱ মহন্তৰ পৰিয়াল বৰ্গই আয়োজন কৰা বিশাল আকাৰৰ কেক কাতি জন্মদিন উদযাপন কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

মণি মাধৱ মহন্তৰ বিবাহ স্থলীতে হিমন্ত বিশ্ব শৰ্মাক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিবলৈ হাজাৰ হাজাৰ অনুৰাগীৰ ভিৰ দেখা পোৱা গল। লগতে ওপজা দিন উপলক্ষে কলিয়াবৰৰ শিলঘাটস্থিত কামাখ্যা দেৱালয়ত মাৰ আশীষ লয় মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীক সংগ দিয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত¸বিধায়ক তৰংগ গগৈয়ে।

মুখ্যমন্ত্ৰীৰ ওপজা দিনত কলিয়াবৰৰ চিত্ৰ শিল্পী কেশৱ চন্দ্ৰ দাসে নিৰ্মান কৰা মুখ্যমন্ত্ৰীৰ এখন পূৰ্ণাংগ তৈলচিত্ৰ উপহাৰ দিয়ে।

তৈলচিত্ৰখন মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ লৈ যাবলৈ অনুমতি দিয়ে শিল্পী কেশৱ চন্দ্ৰ দাসক।

এনেধৰণৰ আন বাতৰিসমূহ