গোৱালপাৰা চহৰৰ ঘৰৰ চাদৰ ওপৰত বনছাই নাৰ্ছাৰী

বনছাই (বাওঁনা গছ) হৈছে জাপানীছ শব্দ, অৰ্থ হল সৰু পাত্ৰত থকা গছ। বনছাই এটা পদ্ধতি যিটো পদ্ধতিৰে গছ বৃদ্ধি হ'বলৈ দিয়া এক জাপানীজ কলা। এই কলাত গছজোপা অতি সৰু পাত্ৰত বৃদ্ধি হ'বলৈ দিয়া হয়। দেখাত বনছাই আকৃতিৰ পৰা প্ৰাকৃতিক গছৰ দৰেই কিন্তু উচ্চতা অতি কম।

নাৰ্ছাৰী হয়তো আপুনি বহুত দেখিছে। আজি আমি দেখুৱাম এখন জাপানীছ নাৰ্ছাৰী। যাক কোৱা হয় বনছাই নাৰ্ছাৰী (Bonsai) । এই নাৰ্ছাৰীত এডাল গছৰ বয়স ৩০/৪০ বছৰ । অসমৰ ক’ত এই ব্যতিক্ৰমী নাৰ্ছাৰী ? এই নাৰ্ছাৰী সন্দৰ্ভত কি কয় কৃষি বিজ্ঞানীয়ে ? গছ গছনি তথা প্ৰাকৃতিক পৰিবেশৰ মাজতে স্বৰ্গীয় শান্তি লাভ কৰিবলৈ বিচৰা গোৱালপাৰা চহৰৰ আৰ হাজেৰা মাৰাক নামৰ এইগৰাকী মহিলাই নিজৰ ঘৰৰ চাদৰ ওপৰত বহু বছৰ পূৰ্বে আৰম্ভ কৰিছিল বনছাই নাৰ্ছাৰী। নাৰ্ছাৰীত আহত,তেতেলী, আৰৱৰ খেজুৰ, ভুটানৰ কমলাকে ধৰি শতাধিক প্ৰজাতিৰ গছ গছনিৰে ভৰপূৰ। যত এতিয়া এডাল আহত বা তেতেলী গছৰ বয়স ৩০/৪০ বছৰ হৈছে। ইতিমধ্যে অসমৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়, পশ্চিম বংগৰ বহু লােকে এই নাৰ্ছাৰীৰ বনছাই গছ। ক্ৰয় কৰি আহিছে। যথেষ্ট চাহিদা থকা এই বনছাই গছ এডালৰ দাম ৪০ হাজাৰ পৰ্যন্ত | গোৱালপাৰা কৃষি বিভাগ তথা দুধনৈ কৃষি বিজ্ঞান কেন্দ্ৰৰ বৈজ্ঞানিক সকলৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত আৰ হাজেৰা মাৰাকক কৃষি বিভাগে বিভিন্ন ধৰনে সহায় কৰি আহিছে।

উল্লেখ্য যে, বনছাই (বাওঁনা গছ) হৈছে জাপানীছ শব্দ, অৰ্থ হল সৰু পাত্ৰত থকা গছ। বনছাই এটা পদ্ধতি যিটো পদ্ধতিৰে গছ বৃদ্ধি হ’বলৈ দিয়া এক জাপানীজ কলা। এই কলাত গছজোপা অতি সৰু পাত্ৰত বৃদ্ধি হ’বলৈ দিয়া হয়। দেখাত বনছাই আকৃতিৰ পৰা প্ৰাকৃতিক গছৰ দৰেই কিন্তু উচ্চতা অতি কম। ই জাপানৰ অন্যতম পুৰনি শিল্প বনছাইৰ উৎপত্তি কিন্তু পুৰনি চীনা শিল্প পেনজিংৰ পৰা হৈছে । যদিও জাপানৰ লগতে বেলেগ বেলেগ দেশতো বনছাইৰ বাগিছা দেখিবলৈ পোৱা যায়।

এনেধৰণৰ আন বাতৰিসমূহ