কৰোনা সৃষ্ট পৰিবেশৰ বাবে ৰাজ্যৰ ৫ টাকৈ ছবি গৃহ চিৰদিনলৈ বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ

ইয়াৰ ভিতৰত গুৱাহাটীৰ নুনমাটীৰ বন্দনা,পল্টনবজাৰৰ অপ্সৰা,মেঘদূত,ফাচি বজাৰৰ উৰ্ব্বশী,ছয়গাওঁৰ চিলভাৰস্ক্ৰীন ছবি গৃহ চিৰদিনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে মালিক পক্ষই।

কৰোনাৰ সংহাৰি ৰূপত তচনচ হল দেশৰ অৰ্থনৈত্তিক ব্যৱস্থা। যাৰ প্ৰভাৱ শিক্ষা, স্বাস্থ্য সংস্কৃতিৰ লগতে আদি সকলোতে পৰা পৰিলক্ষিত হৈছে। কৰােনা মহামাৰীৰ ফলত দেশত প্ৰবৰ্তন কৰা লকডাউনে স্বাভাৱিক জনজীৱন স্তব্ধ কৰাই নহ্য ভাঙি পেলাইছে অৰ্থনৈত্তিক শিকলী। তেনে এক কাৰণতে বন্ধ হৈ পৰিছে বিভিন্ন প্ৰতিস্থান। তাৰ ব্যতিক্ৰম নহল ৰাজ্যৰ সাংস্কৃতিক জগতখনতো। কৰোনা সৃষ্ট পৰিবেশৰ বাবে ৰাজ্যৰ ৫ টাকৈ ছবি গৃহ চিৰদিনলৈ বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে স্বত্বাধিকাৰী সকলে। ইয়াৰ ভিতৰত গুৱাহাটীৰ নুনমাটীৰ বন্দনা,পল্টনবজাৰৰ অপ্সৰা,মেঘদূত,ফাচি বজাৰৰ উৰ্ব্বশী,ছয়গাওঁৰ চিলভাৰস্ক্ৰীন ছবি গৃহ চিৰদিনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে মালিক পক্ষই। ইতিমধ্যে ইয়াৰে ভিতৰত কেইবাটাও ছবি গৃহৰ পৰা চলচিত্ৰ প্ৰদৰ্শনৰ বাবে থকা UFO System উঠাই লৈ যোৱা বুলিও জানিব পৰা গৈছে। বিগত ১০ মাহ ধৰি এই ছবি গৃহ সমূহ বন্ধ হৈ থকাৰ পিছতো স্বত্বাধিকাৰী সকলে প্ৰতিমাহে বিদ্যুতৰ মাছুল আদায় দিব লগা হৈছে। যাৰ বাবে মালিক পক্ষই ৰাজ্যৰ অতিকৈ পুৰণি এই সমূহ ছবিগৃহ চিৰদিনৰ বাবে বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিব লগা হৈছে।

এনেধৰণৰ আন বাতৰিসমূহ