এটা কটামূৰ! ২০০ বছৰ ধৰি চকু থৰ কৰি চাই আছে এই কটামূৰটোৱে

অবিশ্বাস্য লাগিলেও এয়া এক সচাঁ কাহিনী । পৰ্তুগালৰ ৰাজধানী লিচবনৰ সংগ্ৰাহালয়ত কাচৰ পাত্ৰত এটিয়াও সংগ্ৰহিত হৈ আছে এই কটামূৰটো। ঘটনা সবিশেষ সন্দৰ্ভত আমি পিছুৱাই যাব লাগিব ১৮৪১ চনৰ ১৯ ফেব্ৰুৱাৰীলৈ।

টা কটামূৰ৷ ২০০ বছৰ ধৰি চকু থৰ কৰি চাই আছে এই কটামূৰটোৱে। অবিশ্বাস্য লাগিলেও এয়া এক সচাঁ কাহিনী । পৰ্তুগালৰ ৰাজধানী লিচবনৰ সংগ্ৰাহালয়ত কাচৰ পাত্ৰত এটিয়াও সংগ্ৰহিত হৈ আছে এই কটামূৰটো। ঘটনা সবিশেষ সন্দৰ্ভত আমি পিছুৱাই যাব লাগিব ১৮৪১ চনৰ ১৯ ফেব্ৰুৱাৰীলৈ। যিটো দিনত এই কটামূৰটো কাচৰ পাত্ৰত ভৰাই সংগ্ৰাহালযত সংৰক্ষণ কৰা হৈছিল। এবছৰ নহয় দুই বছৰ নহয়। সুদীৰ্ঘ ২০০ বছৰ সংৰক্ষিত হৈ থকা এই কটামূৰটো হৈছে কুখ্যাত চিৰিয়েল কিলাৰ ডিয়েগো আলভেজৰ । ১৮১০ চনত জন্ম গ্ৰহণ কৰা ডিয়েগো আলভেজে ১৯ বছৰ ব্যসতে লিচবনলৈ আহিছিল আৰু অশিক্ষিত আলভেজক কোনেও কাম নিদিয়াত মদ আৰু জুৱাকে জীৱনৰ সংগী হিচাপে বাচি লৈছিল আলভেজে, যাৰ বাবে আলভেজক প্ৰয়োজন হৈছিল বুজন পৰিমাণৰ ধনৰ আৰু এই ধন যোগাৰ কৰিবলৈ ডিয়েগো আলভেজে নিজকে ৰূপান্তৰিত কৰিছিল এজন চিৰিযেল কিলাৰলৈ।ডিয়েগো আলভেজ ইমানে বৰবৰ হৈ পৰিছিল যে জীৱন কালত ৭০ জনতকৈ অধিক লোকক হত্যা কৰি লিচবনৰ ২১৩ ফুট দীঘল দলং এখনৰ ওপৰলৈ লৈ গৈছিল আৰু মৃতদেহ বোৰ দলঙৰ তলত পেলাই দিছিল। ১৮৩৬ চনৰ পৰা ১৮৩৯ চনলৈ আলভেজে চলাই গৈছিল হত্যা লিলা আৰু এই হত্যা কাণ্ডত বলি লোকসকল আত্মহত্যা কৰা বুলি বিশ্বাসত লৈছিল কিন্তু এশ গৰু মাৰিলে যেনেকৈ বাঘৰো মৰণ হয় তেনে পৰিস্থিতি আহি পৰে আলভেজাৰ জীৱনত। এজন চিকিৎসকৰ ঘৰত ডকাইটি কৰিবলৈ গৈ আলভেজে ৪ জন লােকক হত্যা কৰিছিল আৰু তেতিয়াই আলভেজ আৰক্ষীৰ হাতত ধৰা পৰিছিল। আৰক্ষীৰ জেৰাত আলভেজে প্ৰকাশ কৰিছিল এটাৰ পিছত এটা হত্যাকাণ্ড ঘৃননীয় বৰ্ননা । এজন চিৰিয়েল কিলাৰ হিচাপে নিজৰ স্বৰূপ ওলাই পৰাত বিচাৰ পতিযে আলভেজক ১৮৪১ চনৰ ১৯ ফেব্ৰুৱাৰী দিনা ফাঁচিকাঠত উলমাবলৈ নিৰ্দেশ দিছিল । ফাঁচিৰ পিছতে আলভেজৰ কটামূৰটো সংগ্ৰাহালয়ত সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছিল। আৰু তাৰ এটা কাৰণ আছিল যে কিমান নৃশংস হলে মানুহ এনেদৰে হত্যাকাণ্ড সংঘটিত কৰিব পাৰে।যাক লৈ এতিয়াও গৱেষণা অব্যাহত আছে।

এনেধৰণৰ আন বাতৰিসমূহ