নাগালেণ্ডৰ জুকোভেলীত ভয়ংকৰ অগ্নিকাণ্ড

নাগালেণ্ডৰ কহিমাত থকা জুকোভেলীলৈ অশনি সংকেত । অগ্নিদেৱতাৰ কোপ দৃষ্টিত তচনচ জুকোভেলী বিশ্বৰ পৰ্যটন ক্ষেত্ৰৰ ভিতৰত নাগালেণ্ডৰ কহিমাত থকা জুকোভেলী অন্যতম

নাগালেণ্ডৰ কহিমাত থকা জুকোভেলীলৈ অশনি সংকেত । অগ্নিদেৱতাৰ কোপ দৃষ্টিত তচনচ জুকোভেলী বিশ্বৰ পৰ্যটন ক্ষেত্ৰৰ ভিতৰত নাগালেণ্ডৰ কহিমাত থকা জুকোভেলী অন্যতম। জুকোভেলীৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশ আৰু বতৰৰ ফল ফুলেৰে পৰ্যটকক আকৰ্ষিত কৰি অহা নাগালেণ্ড মনিপুৰৰ সীমান্তত অৱস্থিত সুকোভেলীলৈ প্ৰতিবছৰে হাজাৰ হাজাৰ পৰ্যটকৰ সোঁত বয় কিন্তু ৰুষ্ট অগ্নিদেৱতাৰ কোপ দৃষ্টিত জ্বলি ছাই হব ধৰিছে জুকোভেলী। মঙ্গলবাৰে সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত জুকোভেলীৰ View Point সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছে। অৱশ্যে বৰ্তমানলৈ অগ্নিকাণ্ডৰ কোনো প্ৰকৃত কাৰণ পোহৰলৈ অহা নাই। ইতিমধ্যে নাগালেণ্ডৰ ৰাজ্যিক দুৰ্যোগ প্ৰসাসন বিভাগে জুকোভেলীৰ জুই নিয়ন্ত্ৰণৰ বাবে ভাৰতীয় বায়ু সেনা বাহিনিক অনুৰােধ জনাইছে । আনহাতে জুকোভেলী সংৰক্ষণৰ দায়িত্বত থকা South Angami Youth Association এ বুধবাৰে অগ্নিকাণ্ড সংঘটিত হোৱা জুকোভেলীৰ স্থান সমূহ পৰিদৰ্শন কৰিছে উল্লেখ যে ইয়াৰ পুৰ্বেও ২০১৮ চনত জুকোভেলীত সংঘটিত হোৱা ভয়াবহ অগ্নিকাণ্ডই বিস্তৰ ক্ষতি সাধন কৰিছে।

এনেধৰণৰ আন বাতৰিসমূহ